Assamese song of Dipali Borthakur /Lyrics and Melody by Kamal Hazarika./ Lyrics of the song :
অ' চেনাই মই যাওঁ দেই
অ' বিহুতে আহিমগৈ
তেতিয়া গাই যাম গীত ।
অ' হাঁহি মুখে থাকিবা
অ' চকুলোঁ নুটুকিবা
আইৰে ঐ মনতে
বেজাৰেনো নিদিবা ।
অ' চেনাই মই যাওঁ...... ।।
অ' মোৰ হিয়া থাকিব
তোমাৰেনো লগতে
অ' মনে মনে আঁৰ লৈ
অ' চকুপানী মচিবা ।
অ' চেনাই মই যাওঁ.........।।
আয়ে ভাবিছে -
আমাৰ ধৰাখনি ওখৰা মখৰা বাট
আৰু আয়ে ভাবিছে -
টকৰি ঘুৰাদি পিছলি পৰিমগৈ তাত
বিহুতে আহিদেই
কমে মই কথা সেই
আয়ে শুনি হাঁহি ৰৱ
আমাৰ কাৰণে.... আইৰে মৰমে
ফুলাম গামোচা হৈ ৰৱ ।
অ' মোৰ হিয়া থাকিব
তোমাৰেনো লগতে
অ' মনে মনে আঁৰ লৈ
চকুপানী মচিবা ।
অ'চেনাই মই যাওঁ..........।।
********
কথা ও সুৰ : কমল হাজৰিকা
কণ্ঠ : দিপালী বৰঠাকুৰ ।
Ещё видео!