শৰৎ , মন প্ৰাণ স্পন্দিত কৰি সকলোকে মতলীয়া কৰি যোৱা ঋতু হল শৰৎ ৷ ঋতুৰ ৰাণী শৰৎ ৷ শৰৎ মানেই যেন শ্যামল ধৰণ, সৌন্দৰ্যৰ মধুৰ মাধুৰী ,শৰৎ কালৰ স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ গোন্ধে সকলোৰে মন সুবাসিত কৰি তোলে,শাৰদী ৰাণীৰ প্ৰেমত পৰা নিয়ৰৰ কণিকাবোৰে সেউজীয়া দুবৰি বনত বুটা বাছে,নীল আকাশত সুকুমল শুকুলা ডাৱৰৰ অহা-যোৱা কৰে, শৰৎ মানেই নদীৰ পাৰত হালি জালি থকা এডৰা কঁহুৱা ৷
আহকচোন আকৌ এবাৰ এই প্ৰিয় ঋতুটিৰ প্ৰেমত পৰো ৷
কণ্ঠ : ভাস্কৰ অপ্সৱেল
কথা/সুৰ : দিগ দিগন্ত
সংগীত : মৃদুপৱন ৰিক
গীটাৰ : বিকাশ গগৈ
বেটুপাত/লিৰিকেল ভিডিও : ৰংমন গগৈ
১.সেউজ দুবৰিত
নিয়ৰ কণা সৰে
শেৱালিৰে ফুল
উৰে ৰাতি ফুলে
মধুৰ জোনাক
চৌপাশ আৱৰে
আলফুল ভাৱনা
কেনিবা যে উৰে
মুকুতা মুকুতা হৈ
২.আধাভগা জোন
কঁহুৱাৰে ফুল
নদীৰ পানীত জিলিকিছে
জীয়া সপোন বোৰ
শুকুলাকৈ মেঘ
হিম সনা যেন
ভিজি যোৱা ধাননিতে
কোমল ৰদৰ মেল
আকাশ নীলা ডাৱৰতে
বগলী এজাক
আবেলিতে গধুলিতে
উতলা সুবাস
শিতানে সচিতে ৰৈ
#bhaskaropswel
#Deegdiganta
#Mridupawanrick
Ещё видео!