#ShreeSuryaPahar
#Goalpara
#Shivalinga
Sri Surya Pahar (Assamese: শ্ৰী সূৰ্য পাহাৰ) is located about 12 km southeast of Goalpara town and Bongaigon is the nearest city from here. about 132 km northwest of Guwahati, is a significant but relatively unknown archaeological site in Assam, India.[1] The site is a hilly terrain where several rock-cut Shivalingas, votive stupas and the deities of Hindu, Buddhist and Jain pantheon are scattered in an area of about one km. The site is centered on the hills (Pahar) of Sri Surya which is profusely filled up with Shiva Lingas (Lingam).[2] The popular belief is that 99999 Shiva Lingas were engraved here by Vyasa in order to build up a second Kashi (where there were 1,00000 Shiva Lingas) and once it was one of the holiest pilgrimage sites in the region. There is no historical evidence exactly how many Lingams once dotted in these hills, but still there are hundreds of them, from tiny to large in size, scattered everywhere at the foot of the hill and covering the extensive area after centuries of neglect and pilferage. The exact figure of the Lingas (and also other deities and relics) in the hill is yet to be counted scientifically.
Music Credit
""""""""''""""""""""""
1. [ Ссылка ]
2. [ Ссылка ]
সূৰ্য্যপাহাৰৰ ইতিহাস আৰু বিভিন্ন সমল
শ্ৰী সূৰ্য্যপাহাৰৰ পাদদেশ আৰু ইয়াৰ আশে-পাশে ব্ৰাহ্মণ্য ধৰ্মৰ বহুতো শিলত খোদিত ভাস্কৰ্য্য দেখিবলৈ পোৱা যায়| ইয়াৰ উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল শিৱ-বিষ্ণুৰ মূৰ্ত্তি, দ্বাদশভূজা বিষ্ণুৰ মূৰ্ত্তি, গণেশ, হৰি-হৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা ইত্যাদি| সৌন্দৰ্য্য আৰু নিৰ্মাণশৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ বুলি অনুমাণ কৰিব পাৰি সাহিত্যগত তথ্যই সমৰ্থন কৰে যে পুৰণি অসমত অন্য দেৱ-দেৱীৰ পূজা হৈছিল যদিও কিছু উল্লেখযোগ্য স্থানতহে সূৰ্য্য বা সূৰ্য্য ভগৱানৰ পূজা হৈছিল অসমৰ দুখন ঠাইতহে সূৰ্য্য পূজাৰ প্ৰচলন আছিল বুলি কালিকা পুৰাণত পোৱা হৈছে ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যপাহাৰ সূৰ্য্য দেৱ-দেৱীৰ মূৰ্ত্তিৰে সমৃদ্ধ এখন স্থান| সূৰ্য্য পূজাৰ লগত জড়িত হোৱাৰ কাৰণে এই ঠাইখনৰ নাম শ্ৰী সূৰ্য্যপাহাৰ হোৱা বুলি প্ৰবাদ আছে| ইয়াৰ এটা শিলাখণ্ডত ঘুৰণীয়া আকৃতিৰ ভাস্কৰ্য্য আছে| যাৰ কেন্দ্ৰস্থলত থকা ভাস্কৰ্য্যটো প্ৰজাপতি বুলি চিহ্নিত কৰা হৈছে যাক বাৰতা পদুমৰ পাহিৰে আবৃত কৰি ৰখা আছে| প্ৰতিটো পদুমৰ পাহিত এটাকৈ আদিত্যৰ মূৰ্ত্তি আছে| সেইবোৰ যথাক্ৰমে ধাত্ৰী, মিত্ৰ, আৰ্যমান, ৰুদ্ৰ, বৰুণ, সূৰ্য্য, ভাগ, বিৱসণ, পুষণ, সাবিত্ৰী, তৱস্ত্ৰী আৰু বিষ্ণু| এইটোৱেই প্ৰমাণ কৰে যে শ্ৰী সূৰ্য্য পাহাৰ সূৰ্য্য পূজাৰ লগত জড়িত আছিল| প্ৰাচীন কামৰুপৰ বুৰঞ্জীত বৌদ্ধধৰ্মৰ বিষয়ে বিশেষ উল্লেখ নাই যদিও সূৰ্য্যপাহাৰত পোৱা বৌদ্ধধৰ্মৰ শিলত কটা স্তুপবোৰে ইয়াত বৌদ্ধধৰ্মৰ চৰ্চা হৈছিল বুলি জানিব পৰা গৈছে ইয়াত থকা বৌদ্ধধৰ্মৰ স্তুপবোৰ বিভিন্ন জোখৰ আৰু এইবোৰ অৰ্ধগোলাকৃতি সদৃশ স্তুপবোৰৰ আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বৌদ্ধধৰ্মৰ হীনযান শাখাৰ বুলি অনুমান কৰিব পাৰি আৰু ইয়াক খ্ৰীষ্টপূৰ্ব যুগৰ বুলি ঠাৱৰ কৰা হৈছে| চুবুৰীয়া ৰাজ্য বিহাৰ আৰু পশ্চিমবংগত পিচৰ পৰ্যায়ত বৌদ্ধধৰ্মৰ মহাযান আৰু বজ্ৰযান শাখালৈ উন্নীত হোৱাৰ দৰে শ্ৰী সূৰ্য্যপাহাৰতো পিচৰ পৰ্যায়ত মহাযান শাখালৈ উন্নতি হয়| জৈন ধৰ্মৰ শিলালিপি আৰু ভাস্কৰ্য্যৰ নিৰ্মাণশৈলীয়ে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ লগত যুক্ত কৰে| ইয়াতে এটা ডাঙৰ গ্ৰেণাইট শিলৰ নামনি অংশত জৈন ধৰ্মৰ দুটা মূৰ্ত্তি খোদিত আছে| মূৰ্ত্তি দুটা থিয় অৱস্থাত ধ্যানমগ্ন হৈ আছে আৰু ইয়াৰ হাত দুখন এক বিশেষ ভংগিমাত আঠুৰ তললৈকে ওলমি আছে| অন্য এটা মূৰ্ত্তি পাহাৰৰ ওপৰত আছে আৰু ইয়াক আদিনাথ বুলি জনা যায়|
পাহাৰৰ পাদদেশত চলোৱা খনন কাৰ্য্যত দুটা মন্দিৰৰ চৌহদৰ লগতে বহুতো পৌৰাণিক সম্পদ উদ্ধাৰ হৈছে যাৰ সময়সীমা খ্ৰীষ্টাব্দ ৬শ শতিকাৰ পৰা ১২শ শতিকাৰ বুলি অনুমাণ কৰা হৈছে| ইয়াত উদ্ধাৰ হোৱা এটা মন্দিৰৰ চৌহদ ইটাৰে সজোৱা আৰু ই উত্তৰা-দক্ষিণাকৈ অৱস্থিত| খনন কাৰ্যত উদ্ধাৰ হোৱা আনটো মন্দিৰৰ চৌহদ শ্ৰীসূৰ্য্যপাহাৰত থকা পুৰণি পুখুৰীৰ ওচৰত| এই ঠাইৰ উল্লেখযোগ্য আৱিস্কাৰৰ ভিতৰত মহিষাসুৰমৰ্দিনীৰ মূৰ্ত্তি, গনেশ আৰু কিছু সংখ্যক শিলৰ ভাস্কৰ্য্য| এই ঠাইৰ খনন কাৰ্য্যত এটা সৰু পানীৰ কুণ্ড উদ্ধাৰ কৰা হৈছে| ই গণেশ কুণ্ড নামেৰে সৰ্বজনবিদিত| ভাৰতীয় পুৰাতাত্বিক জৰীপ বিভাগে খনন কাৰ্যত উদ্ধাৰ হোৱা বহুতো পৌৰাণিক সম্পদ শ্ৰীসূৰ্য্যপাহাৰত থকা সংগ্ৰহালয়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে| প্ৰদৰ্শিত হোৱা ভাস্কৰ্য্যবোৰৰ ভিতৰত উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল- মহিষাসুৰমৰ্দিনী, গজসিংহ, বিদ্যাধৰ, কীৰ্তিমুখ, পোৰা মাটিৰ বুদ্ধদেৱৰ মূৰ্ত্তি, মানুহ, জন্তু কীৰ্তিমুখ, আমলা, সিংহৰ মুখ আদিয়ে প্ৰধান| প্ৰকাশযোগ্য যে এই পাহাৰত এটা কম একলক্ষ সৰু ডাঙৰ শিৱলিংগ শিলত কটা থকা বুলি জনশ্ৰুতি আছে| ইয়াৰ উপৰি এটা দ্বাদশভূজা প্ৰকাণ্ড মূৰ্ত্তি শিলত খোদিত আছে| সেয়েহে দ্বাদশ ভূজা মূৰ্তিটোকেই দশভূজা বুলি ধাৰণা কৰি এই পাহাৰ খনন আন এটি নাম দশভূজা দেৱস্থান ৰুপে জনাজাত|
লেখক:- জ্যোতিষ নাথ,টিপলাই,গোৱালপাৰা
Ещё видео!